“মোৰ মাতৃমুখ দৰ্শন” Question answers PDF Download – Class 12 Assamese

Facebook
WhatsApp
Telegram

Through this post, a PDF containing all the short and long questions of the chapter “Mor Matrimukh Darshan” has been prepared. You can download it.

This PDF will help Class 12 Assamese students prepare for their exams effectively. The answers are written in simple language for better understanding.

( আপোনালোকে এই পোষ্টটোৰ জৰিয়তে ” মোৰ মাতৃমুখ দৰ্শন ” পাঠটিৰ সকলো চুটি আৰু দীঘল প্ৰশ্নৰ pdf তৈয়াৰ কৰা হৈছে আপোনালোকে ডাউনলোড কৰিব কৰিব পাৰিব )

Dibrugarh University Result

Chapter Name মোৰ মাতৃমুখ দৰ্শন
Author Lakshminath Bezbaruah
Class 12 ( AHSEC)
Subject Assamese
Chapter No 01
Course AHSEC

“মোৰ মাতৃমুখ দৰ্শন” Class 12 Short Question Answer

(ক) অতি চমু প্রশ্ন:

১/ ” “মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্রহ কৰা হৈছে ?
উত্তৰ
: ‘সোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড° নগেন শইকীয়াদেৱৰ দ্বাৰা সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্রশ্নম খণ্ডৰ পৰা লোৱা হৈছে ।
২। সম্বুলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ
: উৰিষ্যা ৰাজ্যত অৱস্থিত।
৩/ বেজবৰুৱাই মাতৃমুখ দর্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰ
:উৰিষ্যা সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰিছিল।
৪/ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ মাত্রা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰ
: ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে তেওঁৰ সহধর্মিণী প্রজ্ঞাসুন্দৰী দেৱী আৰু সৰু কন্যা

৫/ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমালীয়া নাটক নাম লিখা

উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা এখন ধেমেলীয়া নাটক – লিতিকাই।

তলত আগৰ বছৰৰ HS পৰীক্ষাত অহা প্ৰশ্ন উল্লেখ কৰা হ’ল

১। ‘মাথা পোর্ট’ শব্দৰ অর্থ কি? (H.S’18)
উত্তৰ
‘মাথা পোর্ট’ শব্দৰ অৰ্থ হৈছে কৰ্মৰ প্রতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা।
2/ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্রী কৃষ্ণকথা’ কি বিষয়ক গ্রন্থ? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শ্রীকৃষ্ণ কথা’ এখন আধ্যাত্মিক তত্ত্বমূলক গ্রন্থ। “HS18”
৩) ‘Comedy of Errors অসমীয়া ভাঙনি ‘ভ্ৰমৰংগ’ কোন চনত প্রকাশ পাইছিল? (HS20)
উত্তৰ Comedy of Errors’-ৰ অসমীয়া ভাঙনি ‘ভ্রমৰংগ’ ১৮৮৮ চনত প্রকাশ পাইছিল।
৪/ ‘মাজিউ’ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? (H.S22 )
উত্তৰ
: ‘মাজিউ’ বুলি লক্ষ্মীনাথ বেজবৰুৱাই কবি চন্দ্ৰকুমাৰ আগৰৱালাক সম্বোধন কৰিছিল।
৫/ ‘ভ্ৰমৰংগ’ শ্বেক্সপিয়েৰৰ কোনখন গ্রন্থৰ ভাঙনি? (H-S’23)
উত্তৰ
: ‘ভ্রমৰংগ’ শেক্সপিয়েৰৰ ‘Comedy of Errors’-ৰ ভাঙনি।

৬। লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়? (HS17)
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটি গল্পৰ জনক বুলি কোৱা হয়, কিয়নো তেওঁৰেই আছিল প্রথম অসমীয়া চুটি গল্পৰ লেখক। ‘জোনাকী’ৰ পাতত তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘাট-বিকাশৰ মাত্ৰাৰ সূচনা হয়।

7। লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনাৰ নাম লিখা। (HS 13’22) উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই লিখা দুখন হাস্য ব্যংগ ৰচনাৰ নাম হৈছে-‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ আৰু কৃপাবৰ বৰুৱাৰ ওভতনি।

৮/ ‘ফৰিয়াদআৰুসঁচাৰকাঠীশব্দৰ অর্থ লিখা। (H-S.’22) উত্তরঃ ‘ফুৰিয়াদ’ শব্দৰ অর্থ হৈছে গোচৰ বা অভিযোগ, আৰু ‘সঁচাৰ কাঠী’ শব্দৰ অর্থ হৈছে চাবি।

“মোৰ মাতৃমুখ দৰ্শন” Class 12 All Question Answer

চমু প্রশ্ন (মূল্যাংক ২/৩):
১/ ‘মোৰ সাতৃমুখ দর্শন’ শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।
উত্তৰ
: মানুহে যি ঠাইত জন্ম গ্রহণ কৰে, যি ঠাইৰ বায়ু-পানী সেৱন কৰি ডাঙৰ-দীঘল হৈ জীৱনৰ পাতনি মেলে, সেই ঠায়েই হৈছে জন্মভূমি’ বা মাতৃভূমি। মাতৃভূমি হৈছে মাতৃ বা জননী স্বৰূপ। মাতৃভূমিৰ কোলাতে সকলোৱে বিচাৰি পায় জীৱনৰ চৰম সুখানুভূতি। মাতৃভূমিৰ পৰা আঁতৰত থাকিবলগীয়া হ’লে আমাৰ অন্তৰাত্মাই বাৰে বাৰে মাতৃভূমিৰ কোলালৈ ঢাপলি মেলিব বিচাৰে। বেজবৰুৱা দেৱে বহু বছৰ মাতৃভূমিৰ পৰা আঁতৰত থাকিব লগীয়া হৈছিল যাৰ বাবে মাতৃভূমিখন চোৱাৰ, এবাৰ আলিঙ্গন কৰি সকলো মান-অভিমান ব্যক্ত কৰাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ জন্মিছিল। সেয়ে দীর্ঘদিনৰ পাছত মাতৃ-ভূমিলৈ ঘুৰি অহাৰ সৌভাগ্যক তেওঁ ‘মোৰ মাতৃসুখ দর্শন’ নামেৰে নামকৰণ-কৰিছে, মি নামকৰণে মাতৃভূমিৰ প্রতি থকা তেখেতৰ গভীৰ ভালপোৱাক প্ৰতিফলিত কৰিছে তাতেই নামাকৰণৰ যথাৰ্থতা লুকাই আছে।

2 । ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ ‘মাতৃমুখ’ দর্শন হৈছিল?
উত্তৰ
: ‘মোৰ সাতৃমুখ দর্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে নিজৰ জন্মভূমি বা মাতৃ-ভূমিক বুজোৱা হৈছে । ত্রিশ-চল্লিছ বছৰৰ পিছত লেখকৰ মাতৃমুখ দর্শন হৈছিল।
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰ : ১৯৩০ চনৰ বাইশ ছেপ্টেম্বৰ তাৰিখে বেজবৰুৱাদেৱ যেতিয়া গুৱাহাটীত উপস্থিত হয়হি, তেখেতক সম্বর্ধনা আৰু অভিনন্দন জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰসকলে অত্যন্ত উৎসাহ-উদ্দীপনাৰে এখনি সভা আয়োজন কৰিছিল। ছাত্ৰসকলৰ কোনোজনে ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল, কোনোজনে সুললিত কণ্ঠেৰে সংগীত গাইছিল আৰু কোনোজনে ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপূর্ণ বিয়াহ গাই বেজবৰুৱা দেৱক নথৈ আনন্দিত কৰিছিল।
৪/ ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰ
: ‘মোৰ মাতৃমুখ দর্শনৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল প্রখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু’জ্ঞান’ আছিল আর্ল ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে. বৰুৱা।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ এনেধৰণৰ –
ক) গুৱাহাটীৰ অপূর্ব প্রাকৃতিক সৌন্দর্য,
খ) ঐতিহাসিক উৎকর্ষ, আৰু
গ) প্রাচীন জ্ঞান গৌৰৱৰ গৰিমা

“মোৰ মাতৃমুখ দৰ্শন” Class 12 Long Question Answers

(গ) দীঘল প্রশ্ন (মূল্যাংক ৪/৫)

১। ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰা চমু বিৱৰণ আগবঢ়োৱা।
উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কর্মসূত্রে বহু বছৰ কলকাতা আৰু সম্বলপুৰত আছিল। কর্মব্যস্ততাৰ কাৰণে তেওঁ আত্মীয়-স্বজন আৰু বন্ধু -বান্ধৱৰ অনুৰোধ স্বত্বেও মাতৃভূমিলৈ অহাৰ সময়-সুবিধা উলিয়াব পৰা নাছিল। অৱশেষত প্রায় ৩০/৪০ বছৰৰ পিছত, ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰ তাৰিখে তেওঁ সম্বুলপুৰৰ পৰা অসমলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁৰ অসম যাত্ৰাৰ সংগী আছিল তেওঁৰ সহধৰ্মিণী প্রজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীয়ৰী।বেজবৰুৱাদেৱৰ পৰিকল্পনা আছিল ডাকগাড়ীত ঝাড়চোগোড়া জং চনলৈ গৈ গধূলি চাৰে সাতবজাত কলিকতা অভিমুখী বোম্বাই মেইলখন ধৰাৰ কিন্তু দুর্ভাগ্যবশত: ডাকগাড়ীখন ধৰিব নোৱাৰিলে আৰু সময়ত গৈ নোপোৱাৰ বাবে বোম্বাই মেইলত ধৰাও নহ’ল। ফলত ৰাতি দুই/তিনি বজালৈকে অনেক দুখ-কষ্টৰে ষ্টেশ্যনতে কটাব লগীয়া হল। অৱশেষত ৰাতি তিনিমান বজাত ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যোৱা-পেছেঞ্জাৰ গাড়ীখনতে কলিকতালৈ বুলি উঠিল। বোম্বাই মেইলত অহাৰ কথা আছিল বাবে তেওঁলোকে লগত খোৱা বস্তু একো অনা নাছিল। ফলত ওৰে ৰাতি আৰু কলিকতা পোৱালৈকে দীঘলীয়া যাত্ৰাটো ভোকে-লঘোণে পাৰ কৰিব লগীয়া হৈছিল। প্রায় আটাইবোৰ ষ্টেশ্যনতে ৰৈ ৰৈ যাত্রী বুটলি অহা ধীৰ গতিৰ পেছেঞ্জাৰ গাড়ী বহু তিক্ততাৰে আহি ২০ তাৰিখে ৰাতি ৮ মান বজাত কলিকতা পায়হি। তাতে তেওঁ চিনাকি লোক এজনৰ ঘৰত খাই বৈ জিৰণি লয়।

একৈশ ছেপ্তেম্বৰ তাৰিখে কলিকতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা গুৱাহাটী মুখী যাত্ৰা আৰম্ভ কৰে আৰু বাইশ তাৰিখে গুৱাহাটীৰ আমিনগাওঁস্থিত ষ্টেশ্যন পায়হি। তেতিয়া শৰাইঘাট দলং নথকাৰ বাবে জাহাজেৰে আহি পাণ্ডুঘাটত নামে। তাতে কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু জে- বৰুৱাই বেজবৰুৱাদেৱক আদৰণি জনায়।

এনেদৰে বেজবৰুৱাদেৱে মাতৃমুখ দর্শনৰ বাবে ১৯ ছেপ্তেম্বৰত আৰম্ভ কৰা মাত্রা ২২ ছেপ্তেম্বৰত সামৰণি পৰে।

২/ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ ‘মোৰ মাতৃসুখ দর্শন’ পাঠটিত লেখক বেজবৰুৱাদেৱে উল্লেখ কৰা-মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো এনেধৰণৰ –এদিন পার্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে মহাদেৱে কেৱল ভাং, ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম একো নকৰে। আনকি ঘৰতে থকা নোদোকা বৃষভটোৰে হাল বাই ধান খেতিও নকৰে। পার্বতীৰ এনে ককৰ্থনা শুনি মহাদেৱে মনত দুখ পালে আক বৃষভটোৰে হাল বাই খেতি কৰিবলৈ সংকল্প কৰি ওলাই গ’ল। মহাদেৱ খেতিকর্মত লাগিল। শইচ নদন-বদন আৰু উভৈনদী হৈ পৰিল । মহাদেৱৰ শোৱন-খাৱন নাইকীয়া হল। আনকি নিজৰ ঘৰলৈ আহিবলৈকো পাহৰিলে। গিৰীয়েক অকঁৰা মৈত উঠি ননমা হোৱাত পার্বতী চিন্তাত পৰিল। মহাদেৱক মাতি আনিবলৈ পার্বতীয়ে নন্দী-ভৃংগীকে আদি কৰি যোৰে-যোৰে মানুহ পঠিয়াইও মহাদেৱক ঘৰলৈ আনিব নোৱাৰিলে। উপায়হীন হৈ পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰিলে। নাৰদৰ কথাতো মহাদেৱে নাহিল। অনেক ভাবিচিন্তি পার্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা-চর্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে, যাতে মহাদেৱ সেইবোৰৰ কামোৰত অতিষ্ঠ হৈ ঘৰলৈ ঘূৰি আহে।

এনেদৰে পাৰ্বতীৰ ককৰ্থনাত দুখ পাই মহাদেৱ অকঁৰা মৈত উঠাৰ দৰে কৃষি কর্মত লাগিছিল।

৩। ‘হাহা হুহু ‘কোন আছিল? এওলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা।

উত্তৰ:হাহা হুহু আছিল মহাদেৱৰ পত্নী পার্বতীৰ দুটা সামস পুত্র।

মহাদেৱে যেতিয়া খাৱন-শোৱন বাদ দি কৃষি কর্মত ধৰিছিল, আনকি ঘৰলৈও নহা হৈছিল, তেতিয়া পার্বতীয়ে নন্দী-ভৃংগী, নাৰদ আদি বিভিন্নজনক পঠিয়াইও মহাদেৱক ঘৰলৈ অনাব নোৱাৰিলে। নিৰুপায় পার্বতীয়ে অনেক ভাবি চিন্তি মহাদেবৱক আমনি কৰিবৰ বাবে অসংখ্য ডাঁহ, মহ, চেৰেপা আদি পঠিয়ালে, তাৰ পিছতো মহাদেৱ নাহিল। শেষত পার্বতীয়ে মহাদেৱক ঘৰলৈ আনিবৰ বাবে ‘হাহা হুহু’ নামৰ দুটা মানস-পুত্র সৃষ্টি কৰি মহাদেৱৰ ওচৰলৈ পঠিয়াইছিল।

8 / ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল।’ ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা।
উত্তরঃ ডিবুৰুগড়ত কিছুমান কথাই বেজবৰুৱাদেবৰ মনত বৰ সন্তোষ দিছিল। তেওঁ উল্লেখ কৰা মতে ডিবুৰুগড়ৰৰ তিৰোতাসকলৰ পুৰণিকলীয়া গঢ়-গতি বা ৰেহ ৰূপ সমূলি পৰিৱৰ্তন হল। তেওঁলোক শিক্ষা, দীক্ষা আৰু ৰাজহুৱা কাম-কাজত অগ্রণী হৈ পৰিল। দেশৰ সেৱাতো তেওঁলোক পুৰুষৰ সমানে আগবাঢ়ি গৈছে।

দ্বিতীয়তে, অসমীয়া তিৰোতা শিপিনীসকলে বিমোৰ অৱস্থাত পৰি বোৱা-কটা পৰিহাৰ কৰিছিল। কিন্তু ডিবুৰুগড়ীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ সাদৰেৰে হাতত তুলি লৈছে। তেওঁলোকে কোনো সমালোচনালৈ কাণ নকৰি সময়ৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে।

তৃতীয়তে, মহিলা সকলে স্ত্রী-সুলভ গাম্ভীর্য আৰু কমনীয়তাৰ কিঞ্চিতো হ্রাস হবলৈ নিদিয়াকৈ সভা সমিতি আদিত পুৰুষৰ আগত ওলাই একে শাৰীতে বা সম্মুখতে বহি স্বাধীন মতামত প্রকাশ কৰিছে আৰু কোনো গৰাকীয়ে সুন্দৰ বক্তৃতা দিব পাৰিছে।

ডিবুৰুগড়ৰ মহিলা সকলৰ এনেবোৰ প্ৰগতিশীল চিন্তাধাৰা আৰু কাম-কাজে বেজবৰুৱাদেবুক বৰ সন্তোষ দিছিল।

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা ।
উত্তৰ: বেজবৰুৱাদেৱৰ মতে বিদেশী নাটক অসমীয়ালৈ অনুবাদ কৰি অসমৰ ৰংগশালত অভিনয় কৰা ক্ষেত্ৰত তেওঁ একেবাৰে বিৰোধী নহয়, অৱশ্যে অনুবাদ কৰোঁতে প্রকৃত অসমীয়া অনুবাদ হ’ব লাগিব আৰু অসমীয়াৰ -পেটত সি জীণ যাব লাগিব, অর্থাৎ অনুদূত নাটৰ সাৰমৰ্ম অসমীয়াই ভালকৈ বুজি পাব লাগিব। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাব সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দর্য বঢ়োৱাত তেওঁপক্ষপাতি। কিন্তু সেই ভাবসম্পদক বাৰেবঙলুৱা অসমীয়া নকৰি আচল অসমীয়া ৰূপ দিবলৈ তেওঁ আহ্বান জনাইছে। তেওঁ ডেকা নাট্যকাৰ সকলক বিদেশী নাটক অনুবাদ কৰোঁতে বিশেষ সাবধানতা অবলম্বন কৰিবলৈ পৰামৰ্শ দিছে।

Class 12 Assamese Question Answer Chapter 1

১/ ‘যথা নিযুক্তিহস্মি তথা কৰোমি” এই পদফাঁকিৰ অর্থ কি? (H.S.’20)

উত্তৰ: “যথা নিযুক্তিহস্মি তথা কৰোমি- এই সংস্কৃত পদফাঁকিৰ অৰ্থ হৈছে যিদৰে বা যি কামৰ বাবে নিযুক্ত হৈছোঁ, তাকে কৰিছোঁ।

প্রায় ত্রিশ / চল্লিশ বছৰ পাছত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মাতৃভূমি অসমলৈ ঘূৰি আহে। ১৯৩০ চনৰ 22 ছেপ্তেম্বৰ তাৰিখে তেওঁ গুৱাহাটীত উপস্থিত হয়। বেজবৰুৱাদেৱক সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে কটন কলেজৰ ছাত্ৰ সকলে গধূলি এখন সভা অনুষ্ঠিত কৰিছিল। সেইদিনা বেজবৰুৱাদেৱৰ গা সিমান ভাল নাছিল। তথাপি জাতীয় সাহিত্যৰ কাণ্ডাৰী হিচাপে সভালৈ গৈ ছাত্র সকলক উৎসাহিত কৰাটো তেওঁৰ দায়িত্ব বুলি বিবেচনা কৰিছিল। ঈশ্বৰে যেন তেনেবোৰ কামৰ বাবেই তেওঁক পৃথিৱীলৈ পঠিয়াইছে। এই ভাব প্রকাশ কৰিবলৈকে তেওঁ উক্ত পদ-ফাঁকিৰ অৱতাৰণা কৰিছে।

২/ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখকৰ জাতিপ্রেম কিদৰে প্রকাশ-পাইছে চমুকৈ আলোচনা কৰা। (H-S-’17)
উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱ কর্মসূত্রে বহুবছৰ অসমৰ বাহিৰত থাকিবলগীয়া হৈছিল যদিও তেওঁ মনে-প্রাণে সদায় জন্মভূমি অসম আৰু অসমীয়া জাতিৰ মংগলৰ কাৰণে চিন্তা কৰিছিল।

“মোৰ মাতৃসুখ দর্শন ‘শীর্ষক নামকৰণটিতে তেওঁ স্বদেশ আৰু স্বজাতিৰ প্রতি থকা গভীৰ প্রেম-ভালপোৱা পৰিস্ফুট হৈছে। সন্তানৰ বাবে নিজ মাতৃগৰাকীয়েই হৈছে জগতৰ শ্রেষ্ঠতকৈও শ্রেষ্ঠ, আপোন আৰু মৰমৰ । মাতৃৰ পৰা যদি সন্তান বহুদিন আঁতৰি থাকিব লগা হয়, সেই সন্তানৰ মন সদায় মাতৃৰ সুখ দর্শন কৰিবলৈ বা মাতৃক লগ পাবলৈ ব্যাকুল হৈ থাকে। বেজবৰুৱা দেৱৰ ‘সোৰ মাতৃমুখ দর্শন’ শিৰোনামটিতে সোমাই আছে স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা তেওঁৰ অগাধ প্ৰেম – ভালপোৱা। সৎ দিহা-পৰামৰ্শ, অনুপ্ৰেৰণা আৰু গঠন-মূলক সমালোচনাৰ দ্বাৰা তেওঁ যে জাতিটোৰ প্রগতি নিশ্চিত হোৱাটো বিচাৰিছিল সেই কথা তেওঁৰ লিখনিত স্পষ্ট।

কেইটামান অতিৰিক্ত গুৰুত্বপূর্ণ প্রশ্নোত্তৰ
১। লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই বাঁহী আলোচনী সম্পাদনা কৰিছিল।
2/ লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্যসভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা-অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
৩/ বেজবৰুৱাই ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক অসম ভ্রমণ কাহিনীটো মুঠ কেইটা খণ্ডত ৰচনা কৰিছিল?
উত্তৰ: বেজবৰুৱাই মোৰ মাতৃসুখ দর্শন’ শীর্ষক দীঘলীয়া অসম ভ্রমণ কাহিনীটো মুঠ সাতটা খণ্ডত ৰচনা কৰিছিল।
৪/ শেক্সপীয়েৰৰ ‘comedy of Errors’ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ: চাৰিগৰাকী অসমীয়া ছাত্র-সাহিত্যিক ক্রমে ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে-শ্বেকাপীয়েৰৰ ‘Comedy of Errors’ অসমীয়ালৈ অনুবাদ কৰি ‘ভ্ৰমৰংগ’ নামেৰে প্রকাশ কৰে।

Leave a Comment