বৰগীত class 12 question answer

বৰগীত class 12 question answer

Facebook
WhatsApp
Telegram

এই পোষ্টটো লিখাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে বৰগীত class 12 question answer সমূহ সহজে পাব।

মোৰ মাতৃমুখ দৰ্শন’ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাবলৈ ইয়াত 💁‍♂️ক্লিক কৰক

Dibrugrh University Result

বৰগীতৰ নামউঠ ৰে উঠ বাপু গোপাল হে…..
লেখকশ্ৰীশ্ৰীমাধৱদেৱ
ৰাগকৌ
Class12
CourseAHSEC
SubjectAssamese

বৰগীত class 12 question answers

আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১/মাধৱদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰ: মাধৱদেৱৰ জন্ম হৈছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত, ১৪৮৯ খৃষ্টাব্দত।


২।শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?
উত্তৰ:শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়


৩।কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?
উত্তৰ: নামঘোষা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় ।


8/মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰ: মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল


৫।উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা?
উত্তৰ: উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কৌ ৰাগত বন্ধা


(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩) ১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা।
উত্তৰ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অধ্যাত্মিক -ভাবসম্পন্ন আৰু ৰাগ-বাগিণীযুক্ত গীতসমূহক বৰগীত বোলা হয়।

বৰগীতৰ বিষয়বস্তুক ৬টা ভাগত ভগাব পাৰি। ভাগকেইটা হৈছে-লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰি।

২। ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে?
উত্তৰ: বৰগীত সমূহ প্রধানকৈ আধ্যাত্মিক ভাবেৰে পুষ্ট। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ -পৰিলক্ষিত হয়। সেইবাবে ড° বাণীকান্ত কাকতিয়ে বৰগীত সমূহক Noble Numbers বুলি কৈছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰ : মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণই প্রাধান্য লাভ কৰিছে। ভগবান শ্রী কৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা –
মাধৱদেৱৰ বৰগীতত পোৱা যায়। গতিকে বাৎসল্য ভাবৰ প্রকাশ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য।

৪/’সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে?
উত্তৰ: সব পুৰুষৰ শিৱৰৰ ভূষণ বুলি যশোদাই শিশু কৃষ্ণক কৈছে। যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি মৰমেৰে কোলাত লৈ, চুম্বন কৰি কৈছিল যে সকলো পুৰুষৰ শিৰৰ ভূষণ অর্থাৎ সকলোৰে আৰাধ্য দেৱতা। তুমি মোৰ বাপু গোবিন্দ। আচলতে যশোদাই একান্ত ভক্তি আৰু সাধনাৰ বলত জগতত্ব স্রষ্টা শ্ৰীকৃষ্ণক পুত্র ৰূপে লাভ কৰিছিল।

৫।’সিদ্ধ মুনিগণে চিন্তিয়া নপারে সো হৰি যশোৱা কোলে। – সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ররূপে পালে বুজাই লিখা।
উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠ্যপুমিৰ অন্তর্গত শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা ৰচিত – ‘ উঠ ৰে উঠ বাপু গোপাল হে–” বৰগীতটিৰ পৰা অনা হৈছে।

ভগৱান নিৰাকাৰ আৰু নিৰঞ্জন। তেওঁ সর্বলোকতে বিৰাজমান। তেওঁৰেই স্রষ্টা, ত্ৰাণকর্তা আৰু সংহাৰ কৰ্তাও। এইজনা মহিমাময়ী, বিশ্ব-ব্রহ্মাণ্ডৰ অধিপতি ভগৱানক কোনেও দর্শন কৰিবলৈ পোৱা নাই। আনকি সিদ্ধ মুনিগণ, ঋষিসকলে বহু সাধনা আৰু বছৰ বছৰ ধ্যান কৰা পাছতো ভগবানক বিচাৰি পোৱা নাই। অথচ এইজনা পৰমব্ৰহ্ম পৰমেশ্বৰক যশোদাই পুত্র ৰূপে লাভ কৰি, কোলাত লৈ মৰম কৰিব পাৰিছে।

কোৱা হয় ভগবান ভক্তৰ দাস। সন্তানহীনা যশোদাই সন্তান লাভৰ বাবে একান্তচিত্তে ভগৱানক আৰাধনা কৰিছিল। যশোদাৰ একান্ত সাধনা আৰু পৰম ভক্তিৰ বলতে জগত ঈশ্বৰক নিজ পুত্রৰূপে পাইছিল।

বৰগীতৰ মূলভাব class 12

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰ : ‘উঠৰে উঠ বাপু গোপাল হে’- বৰগীতটি মহাপুৰুষ মাধবদেৱৰ এটি সুন্দৰ বাৎসল্য বসপূর্ণ বৰগীত। বৰগীতটিত মাক যশোদাই শিশু কৃষ্ণক -টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। যশোদাই মৰমতে কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ’ অর্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে।
বৰগীতটিত মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক অতি সুন্দৰকৈ বর্ণিত হৈছে, লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যও প্রকাশ পাইছে। সিদ্ধ গুনি ঋর্ষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগবান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্রৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। সেয়ে বৰগীতটিত ভক্তিৰ শ্রেষ্ঠত্বও প্রতিপন্ন হৈছে।
এইখিনিয়ে হৈছে উঠৰে উঠ বাপু গোপাল হে’- বৰগীতটিৰ মূলকথা।

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
উত্তৰ: মহাপুৰুষ মাধৱদেৱে লিখা ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোত মাতৃ স্নেহ বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। বৰগীতটোত মাক যশোদা আৰু পুত্র শ্রীকৃষ্ণৰ স্নেহপূর্ণ, মমতাময় সম্পৰ্কৰ মনোৰম বর্ণনাৰ মাজেৰে মাতৃ-পুত্ৰৰ চিৰন্তন ৰূপ পৰিস্ফুট হৈছে।

-যশোদাই কৃষ্ণক টোপনিৰ পৰা জগাবলৈ মৰমতে বাপু, কমল-নয়ন, প্রাণধন আদি স্নেহম্পূর্ণ নামেৰে মাতিছে আৰু কোলাত লৈ বাৰে বাৰে চুমা খাইছে। কৃষ্ণক বুকুত বান্ধি ‘সকলো পুৰুষৰ শিৰৰ ভূষণ’ বুলি কৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য ব্যক্ত কৰিছে আৰু সেইজনা সকলোৰে আৰাধ্য কৃষ্ণক পুত্র ৰূপে লাভ কৰি কোলাত ল’বলৈ পোৱাত যশোদাই নিজকে ধন্য মানিছে। কৃষ্ণৰ বাৎসল্য ৰূপ সতৃষ্ণ নয়নে চাই যশোদা মহা আনন্দিত হৈছে। এনে– দৰে বৰগীতটিত সশোদাৰ মাতৃস্নেহ পৰিস্ফুট হৈছে।

বৰগীত class 12 question answer প্ৰশ্ন উত্তৰ

৩। বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।
উত্তৰ : মহাপুৰুষ মাধৱদেৱে লিখা ‘উঠ ৰে উঠ বাপু গোপাল হে’-বৰগীত–টোত শ্রী কৃষ্ণৰ মানবীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ পৰিস্ফুট হৈছে।

এটি সাধাৰণ মানব শিশুৰ দৰে টোপনিত লালকাল দি থকা কৃষ্ণক মাক যশোদাই বিভিন্ন স্নেহপূর্ণ নামেৰে মাতি জগাইছে আৰু -কোলাত লৈ বাৰে বাৰে চুমা খাইছে। মাতৃ-পুত্ৰৰ এনে গধুৰ সম্পৰ্কৰ দ্বাৰা কৃষ্ণৰ মানবীয় ৰূপ সুন্দৰকৈ প্রকাশ পাইছে।

আনহাতে বৰগীতটোত ‘সব পুৰুষৰ শিৰৰ ভূষণ’, “সিদ্ধ মুনিগণে -চিন্তিয়া নপাৱে পদ্যাংশৰ দ্বাৰা কৃষ্ণৰ ঐশ্বৰিক ৰূপ প্রকাশ কৰিছে।

সব পুৰুষৰ শিৰৰ ভূষণ অর্থাৎ সকলোৰে আৰাধ্য দেৱতা কৃষ্ণক যশোদাই পুত্রৰূপে পাই কোলাত লৈ মৰম কৰিবলৈ পাইছে। সিদ্ধমুনি, ঋষিসকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন নিবাকাৰ ভগৱানক বিচাৰি নাপায়, সেই-মহিমাময়ী ভগবান সোঁ শৰীৰে যশোদাৰ কোলাত মৰম আকলুৱা শিশুৰূপে ধৰা দিছে।

এনেদৰে বৰগীতটিত মাধৱদেৱে কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক দুয়োটা ৰূপ সুন্দৰকৈ দাঙি ধৰিছে।

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।
উত্তৰ: মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘উঠৰে উঠ বাপু পোপাল হে’ বৰগীতটোৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পর্শী ভাবে বর্ণনা কৰিছে।

ভগৱানৰ আদিও নাই অন্তও নাই। তেওঁ অনাদি আৰু অনন্ত, আৰু সর্বলোকতে বিৰাজমান। বিশ্বব্রহ্মাণ্ডৰ অধিকাৰী এইজনা মহিমাময়ী ভগৱানৰ দর্শন লাভকৰাটো সাধাৰণ মনুষ্যৰ বাবে সম্ভৱ নহয়। আনকি সিদ্ধ মুনি, ঋষিসকলে বহু বছৰ তপস্যা আৰু ধ্যান কৰিও ভগৱানৰ দর্শন লাভ কৰিব নোৱাৰিছিল। কিন্তু সেইজনা ব্রহ্মাণ্ডপতি ভগৱান ভক্তৰ ভকতিৰ অধীন হৈ পৰে। পুত্রহীনা যশোদাই ভগৱানৰ প্রতি অনেক সাধনা আৰু আকুন্ঠ ভক্তিত তুষ্ট হৈ পৰম মহিমাময়ী ভগৱান কৃষ্ণই পুত্রৰূপে আবির্ভাব হৈ যশোদাৰ জীৱন ধন্য কৰিছিল। বৰগীতটোত যশোদাই পৰম ভক্তিৰ বলত ত্ৰিজগতৰ পতি, ভগবানক পুত্রৰূপে কোলাত লৈ মৰম কৰিবলৈ পোৱাটো সুন্দৰকৈ ব্যক্ত কৰিছে ।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ত্রিজগত পতি ভকতি মিলিল
মুৰুখ মাধৱে বোলে।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠ্যপুমিৰ অন্তর্গত মহাপুৰুষ মাধৱদেৱে লিখা ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ পৰা অনা হৈছে।

ভগৱান যে ভক্তৰ অধীন বা ভক্তৰ ভকতিত ভগৱানো দাস হৈ পৰে সেই প্রসংগতে পদফাঁকিত অৱতাৰণা কৰিছে।

কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ। আনহাতে যশোদা আছিল এজনী সাধাৰণ গোৱালৰ জী। পুত্রহীনা যশোদাই পুত্রলাভৰ বাবে নিতৌ কৰিছিল ভগৱানৰ আৰিধনা, একান্ত ভক্তি। যশোদাৰ ভক্তিত তুষ্ট হৈ ত্রিজগতৰ পতি ভগৱানে পুত্রৰূপে যশোদাৰ কোলা শুৱনি কৰে। ভক্তৰ ভকতিত তুষ্ট হৈ নিজ পুত্রৰূপে ধৰা দিয়াকে কবি মাধৱদেৱে পদফাঁকিত ব্যক্ত কৰিছে।

বৰগীত class 12 question answer ( Short question answer )

১/ বৰগীতৰ ভাষা কি? উত্তৰ: বৰগীতৰ ভাষা ব্রজাৱলী। (H.S.19)

২/ মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? (H-3.20) উত্তৰ: মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।

৩/ ‘তেজ’ শব্দৰ অর্থ লিখা, (H.S.’22) উত্তৰ ‘তেজ’ শব্দৰ অৰ্থ ত্যাগ কৰা।

৪/ মাধৱদেৱৰ বৰগীতত শ্রীকৃষ্ণৰ কোন কালৰ বিভিন্ন লীলা প্রকাশ পাইছে?(HS-23 )
উত্তৰ: মাধৱদেৱৰ বৰগীতত শ্রীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা প্রকাশ পাইছে।

৫/ শংকৰদেৱ আৰু মাধৱদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল ?(HS19) উত্তৰ: মহাপুৰুষ শংকৰদেৱ একুৰি চৈধ্যতা বৰগীত ৰচনা কৰিছিল আৰু মাধবদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল।

৬/ মাধরদেরৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? (H-S’20) উত্তৰ: মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি।

৭/ ড° বাণীকান্ত কাকতি, কালিৰাম মেধি আৰু দেবেন্দ্রনাথ বেজবৰুৱাই বৰগীত সমূহক কি বুলি কৈছে লিখা। (H-S’22) উত্তৰ: ড° বাণীকান্ত কাকতিয়ে বৰগীত সমূহক Noble Numbers বুলি কৈছে। একেদৰে কালিৰাম মেধিয়ে Great song বা Song Celestial আৰু দেবেন্দ্রনাথ বেজবৰুৱাই Holy Songs বুলি কৈছে।

বৰগীত class 12 প্ৰশ্ন উত্তৰ

বৰগীত class 12 question answer

৮/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা: উঠৰে উঠ বাপু গোপাল হে নিশিপৰভাত ভৈল।
কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।।

উত্তৰ: উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱে লিখা ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ পৰা তুলি অনা হৈছে।

মাতৃ যশোদাই শিশু কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কিদৰে স্নেহসুলভ মাতেৰে মাতি মৰম কৰিছিল, তাৰ প্রসঙ্গতে পদফাঁকিৰ অৱতাৰণা কৰিছে।

জগত স্রষ্টা ভগবান কৃষ্ণই যশোদাৰ পুত্ৰৰূপে আৱির্ভাৱ হৈ শিশুকালত নানান মনোমুগ্ধকৰ ক্রিয়া-কলাপ কৰিছিল। এটি সাধাৰণ মানৱ শিশুৰ দৰেই শিশু কৃষ্ণইও মাকৰ ওপৰত মান-অভিমান কৰি মৰম আদায় কৰাৰ চেষ্টা কৰিছিল। যশোদাইও মাতৃৰ মমতাৰে পুত্ৰ স্নেহৰ ক্ষেত্রত কৃপণালী কৰা নাছিল। বৰগীতটিত মহাপুৰুষ মাধৱদেৱে যশোদাই কৃষ্ণক কিদৰে টোপনিৰ পৰা জগাইছে সেইকথা সৰল আৰু সুন্দৰ ৰূপত বর্ণনা কৰিছে। যশোদাই মৰমতে কৃষ্ণক, বাপু, কমল-নয়ন, প্রাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে, য’ত মাতৃ-পুত্ৰৰ মধুৰ সম্পর্ক পৰিস্ফুট হৈছে।

অতিৰিক্ত প্রয়োজনীয় প্রশ্নাৱলী:

১। মাধৱদেৱে ক’ত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল?

উত্তৰ: মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত আনুষ্ঠানিক শিক্ষা লাভ-কৰিছিল।

2/ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কোনখন গ্রন্থৰ পৰা লোৱা হৈছে?

উত্তৰ: ‘উঠৰে উঠ বাপু গোপাল হে ‘বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।

৩। সো হৰি যশোৱা কোলে।-ইয়াত ‘সো’ শব্দৰ অৰ্থ কি?

উত্তর: ইয়াত ‘সো’ শব্দৰ অর্থ হৈছে সেইজন।

৪) মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক গ্রন্থ দুখনৰ নাম লিখা।

উত্তৰ: মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক গ্রন্থদুখনৰ নাম হৈছে-‘আদিকাণ্ড ৰামায়ণ’ আৰু ‘ৰাজসূয় কাব্য’।

Leave a Comment