হস্তিবিদ্যাৰ্ণৱ পুথি Class 12

হস্তিবিদ্যাৰ্ণৱ পুথি class 12 question answer

Facebook
WhatsApp
Telegram
Chapter Nameহস্তিবিদ্যাৰ্ণৱ পুথি
Authorড° সূৰ্যকুমাৰ ভূঞা
Class12
SubjectAssamese
Chapter no4
CourseAHSEC

হস্তিবিদ্যাৰ্ণৱ পুথি

(ক) অতি চমু প্রশ্ন ঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)
১/হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ হস্তিবিদ্যার্ণৱ পুথি’শীর্ষক পাঠটি যােগেন্দ্রনাৰায়ণ ভূঞা সম্পাদিত ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।


২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্ৰকাশ পাইছিল?
উত্তৰঃ ‘হস্তিবিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমে প্রকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত
‘জয়ন্তী’ নামৰ আলােচনীত ১৯৫৩ চনত।


৩/কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
উত্তৰঃ সূর্যকুমাৰ ভূঞা।


8/সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থ খনৰ নাম- Anglo Assamese Relations -1771-
1826.


৫।হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ :সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।

হস্তিবিদ্যাৰ্ণৱ পুথি class 12 Short Question Answer

(খ)চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)
১। হস্তি-বিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ হস্তি-বিদ্যার্ণৱ সাৰ সংগ্ৰহ’পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪
খৃষ্টাব্দত ৰচনা কৰে।
২/পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।
উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখন হ’ল— ‘হস্তি-বিদ্যার্ণৱ সাৰ সংগ্ৰহ ‘ আৰু ‘ঘোঁৰা
নিদান’।

৩/হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবােৰ কোনে অংকণ কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবােৰ আঁকে দুজন চিত্রকৰে। তেওঁলােক হ’ল দিলবৰ আৰু
দোষায়ে।
৪।’ হস্তিবিদ্যাৰ্ণৱ পুথিখনত কোনকেইজন লােকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰঃ হস্তি-বিদ্যার্ণৱ সাৰ সংগ্ৰহ পুথিখনত গ্রন্থকাৰ, চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ,
বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্র অংকিত হৈছে।
৫/হস্তিগ্রন্থ বুলিলে কি বুজা?
উত্তৰঃ যিবােৰ গ্ৰন্থত হাতী সম্পর্কীয় অনেক কথাৰ সম্ভেদ পােৱা যায়, যেনে- হাতীৰ
লক্ষণ, হাতীৰ পুষ্টি, মনচোকা আৰু বলৱন্ত হােৱাৰ নিয়ম, হস্তী বন্য হােৱাৰ মন্ত্র, হাতীৰ
শুভ কাম, ইত্যাদি। এনেবােৰ গ্ৰন্থকে বুজোৱা হয় হস্তীগ্রন্থ বুলি।

হস্তিবিদ্যাৰ্ণৱ পুথি class 12 all question answers

(গ) দীঘল প্রশ্ন
১/ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা ।
উত্তৰ: মধ্যযুগত অসমীয়া ভাষাত আহােম ৰজা সকলৰ পৃষ্ঠপােষকতা বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জীৱনৰ বাবে প্রয়ােজনীয় জ্ঞানৰ পুথিও ৰচিত হৈছিল। সাহিত্যিক গুণসমৃদ্ধ নহলেও এনেবােৰ পুথিয়ে ব্যৱহাৰিক জ্ঞান বৃদ্ধিত প্রভূত পৰিমাণে সহায়তা কৰিছিল। হাতী, ঘোঁৰা আদি জীৱ-জন্তুৰ স্বাস্থ্য আৰু চিকিৎসা সম্পর্কীয় কেবাখনাে হাতে লিখা সচিত্র পুথি লিখা হৈছিল। এনেবােৰ পুথি ৰচনাত অগ্রণী ভূমিকা গ্রহণ কৰা লেখকজন হৈছে সুকুমাৰ বৰকাহ। মহাৰাজ
শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ নির্দেশ ক্রমে তেওঁ ৰচনা কৰে হস্তীবিদ্যার্ণৱ সাৰ সংগ্রহ পুথিখন। তেওঁৰ দ্বাৰাই ৰচিত অন্য এখন গ্রন্থ হৈছে ‘ঘোঁৰা নিদান’।


২। ড° সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলােচনা কৰা।


উত্তৰ :পণ্ডিত প্ৰৱৰ ড° সূর্যকুমাৰ ভূঞা আছিল একাধাৰে আগশাৰীৰ কবি, জীৱনীকাৰ, প্ৰৱন্ধকাৰ, গৱেষক আৰু বুৰঞ্জী বিশাৰদ। এই গৰাকী অসমীয়া পণ্ডিতৰ অধ্যাৱসায় আৰু অনুসন্ধিৎসাৰ তুলনা পাবলৈ টান। ১৮৯২ চনৰ ২৭ জানুৱাৰীত নগাওঁ জিলাৰ কলংপাৰৰ ফৌজদাৰী পট্টিত ৰবিলাল ভূঞা আৰু ভূবনেশ্বৰী ভূঞৰ প্রথম সন্তান সূর্যকুমাৰ ভূঞাৰ জন্ম হৈছিল। প্রখ্যাত বুৰঞ্জীবিদ, প্রত্নতাত্ত্বিক, গৱেষক আৰু অসমৰ গৌৰৱপূর্ণ ঐতিহ্যৰ আলােক সম্পাতকাৰী ভূঞাদেৱৰ সাহিত্যিক অৰিহণাৰ কথা অসমীয়া সাহিত্য জগতত সর্বজন বিদিত। ভূঞা দেৱে ছিলঙৰ হাইস্কুলত পঢ়া সময়তে কবিতাৰ জৰিয়তে সাহিত্যিকৰূপে আত্ম প্রকাশ কৰে। কুৰি শতিকাৰ পঞ্চম দশকলৈ তেওঁ যিমানখিনি সাহিত্য ৰচনা কৰিছিল সেই সাহিত্যৰাজিক এনেদৰে ভাগ কৰিব পাৰি বুৰঞ্জীমূলক, জীৱনীসাহিত্য, কবিতা, গল্প, সমালােচনা সাহিত্য ইত্যাদি। সূর্যকুমাৰ ভূঞাৰ একমাত্র কবিতা পুথি হ’ল ‘নির্মালি। একমাত্র চুটিগল্প— পঞ্চমী। উল্লেখযােগ্য প্ৰৱন্থ সংকলন ‘
‘ত্রিপদী’ আৰু সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ। তেওঁৰ অন্য উল্লেখযােগ্য গ্রন্থসমূহ হ’ল- জীৱনী গ্রন্থ : ‘গােপাল কৃষ্ণ গােখলে’, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু চানেকী। ঐতিহাসিক তথ্যপূর্ণ পুথিঃ কেঁৱৰ বিদ্রোহ’বুৰঞ্জীৰ বানী, ৰমনী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন।

ইংৰাজীত ৰচিত উল্লেখযােগ্য গ্রন্থবােৰ হ’ল— An Assamese Nurjahan, Early British Relations with Assam, Lachit Borphukan and His Timer, Aton Buragohain
& His times Men I have Met, London Memories. তেওঁৰ গৱেষণা গ্রন্থ Anglo-Assamese Relations 1771 – 1826। সূর্যকুমাৰ ভূঞাদেৱে ভাৰত আৰু ভাৰতৰ বাহিৰত বিভিন্ন কাকতত প্রকাশিত তথ্য সমৃদ্ধ প্রৱন্ধৰাজিয়েও প্রতিভা
আৰু পাণ্ডিত্যৰ স্বাক্ষৰ বহন কৰি আছে। সেই যুগত সাত সাগৰ তেৰনদী পাৰ হৈ লণ্ডন। বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি লাভ কৰা এইজনা জগত বৰেণ্য পুৰুষে অসমীয়া ভাষা আৰু জাতিৰ যি উপকাৰ কৰি গ’ল তাক অসমীয়া জাতিয়ে সদায় শ্রদ্ধা সহকাৰে সােৱৰণ কৰিব।ভূঞাদেৱৰ ব্যক্তিত্ব, পাণ্ডিত্য আৰু সাহিত্যিক অৱদান নতুন প্রজন্মৰ বাবে সদায় পাথেয়।

হস্তিবিদ্যাৰ্ণৱ পুথি class 12 Long question answers

৩।হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।


উত্তৰঃ স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ কথামতে সুকুমাৰ বৰকাথে হস্তিবিদ্যার্ণৱ’ নামৰ এখন ব্যৱহাৰিক জ্ঞানৰ বিখ্যাত পুথি ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰে। হাতীৰ নানাবিধ শ্রেণী বিভাগ, হাতীৰ প্রকৃতি, ইয়াক বশ কৰাৰ কৌশল পদ্ধতি, হাতীৰ বেমাৰ, বেমাৰৰ চিকিৎসা পদ্ধতি আদি কথা গ্রন্থ খনৰ বিষয়বস্তু। এই হস্তবিদ্যার্ণৱ গ্ৰন্থখনৰ ছবিবােৰ আকিছিল দিলবৰ আৰু দোষাই নামৰ মােগল শিল্পী দুজনে। এই ছবিবোৰ বিশেষধৰণৰ কলানিপুণতাৰ
পৰিচায়ক হােৱাৰ উপৰিও ঐতিহাসিক দৃষ্টিকোণৰ পৰাও মূল্যৱান। হস্তিবিদ্যাৰ্ণৱ’ পুথিখনৰ ছবিবােৰত কিছুমান বৈশিষ্ট্য আছে। বিবিধ হাতীৰ দোষ-গুণৰ বৰ্ণনা অনুসৰি ছবিবােৰ দিয়া হৈছে। ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী থাকিলে ৰজাৰ কুশল আৰু সমৃদ্ধি বাঢ়ে সেইবােৰ বৰ্ণনা কৰোঁতে চিত্ৰকাৰে পৃষ্ঠপােষক ৰজা শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকাদেৱী আৰু তেওঁলােকৰ চৰাৰ বিষয়াসকলৰ প্ৰতিমা দিয়াৰ সুবিধা লৈছে আৰু এই হস্তিবিদ্যাৰ্ণৱ পুথিখনত শিৱসিংহ ৰজাৰ ৰাজ চৰাৰ বিবিধ অৱস্থাৰ ছবিও পােৱা যায়।

আঠোদেশৰ যশস্বাৰূপ চন্দ্রতাপে আচ্ছাদন কৰিছে —–বুলি কৈ ভাৰতৰ আঠজন ৰজাৰ ছবি দিয়া হৈছে। তাৰােপৰি স্বৰ্গদেউৰ সমৃদ্ধি
আৰু সৌভাগ্য দেখুৱাবলৈ স্বৰ্গদেৱক নানান উপহাৰ বস্তু দিয়াৰ ছবি পুথিত অঙ্কিত কৰা হৈছে। এই পুথিখনৰ ছবিত স্বৰ্গদেউ ৰজা মহাৰাজ সকলৰ সাজ-পােছাকৰ বৰ্ণনাও দিয়া আছে। এই পুথি অনুসৰি ৰজা, বিষয়া, দোলাকাষৰীয়া আদিৰ ছবিত অর্পিত কৰা কিছু সাজ-পাৰ মােগলী ধৰণৰ। আগৰ দিনত স্বৰ্গদেউ সকলৰ শিৰবস্ত্ৰ আছিল ফচৌ। ছবিবােৰত ৰজা-মহাৰজাসকলে পৰিধান কৰিছিল— ফচৌ, জামা, পাগ, ইজাৰ আদি। হস্তিবিদ্যার্ণৱ পুথিখনৰ ভাষা গদ্যত ৰচনা কৰা। ভাষা পেণিপটীয়া আৰু সহজ। এই পুথিসমূহৰ ভাষাত তৎসম, তদ্ভৱ, দেশী আৰু বিদেশী আদি শব্দৰ প্ৰয়ােৰ ঘটিছে। ইয়াত আধুনিক বাক্যৰীতিৰ ঠাঁচ সততে বিদ্যামান।। মুঠতে সর্বদিশৰ পৰাই হস্তিবিদ্যাৰ্ণৱ পুথিখনি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি।


৪/’মংগলদায়ক হাতী’ৰ লক্ষণ সম্পর্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ
উত্তৰঃসূর্যকুমাৰ ভূঞাদেৱে লিখা ‘হক্তিবিদ্যার্ণৱ’ নামৰ প্ৰৱন্ধটিত উল্লেখ থকা মতে, মঙ্গলদায়ক হাতীৰ শাৰিৰীক বর্ণনা হ’ল—শ্যমবৰণীয়া, স্থুলশৰীৰ, দুটা দীঘল দাঁত, সমান, আগলৈ চাপি যােৱা, কালশিলি বৰণীয়া, নখ অলপ কলা ধৰণৰ, বলবন্ত, সুন্দৰ হাতী যদি ৰজাই লাভ কৰিব পাৰে তেন্তে ৰজাৰ বহুত ধন লাভ হ’ব। সেই হাতীক উত্তম আহাৰ দিয়ে বশ কৰিব পাৰি।


৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলােচনা কৰা।


উত্তৰ: আহােম ৰজাসকলৰ অনুপ্ৰেৰণাত প্রায় খৃষ্ট্রীয় সপ্তদশ আৰু অষ্টদশ শতিকাৰ ভিতৰত কিছুমান ব্যাৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। এই পুথিসমূহে অসমীয়া গদ্য সাহিত্যৰ বিকাশত যথেষ্ট ইন্ধন যােগাইছে। এই পুথিসমূহৰ ভিতৰত সুকুমাৰ বৰকাথৰ হস্তী বিদ্যার্ণৱ’ বিশেষভাবে উল্লেখযােগ্য। হস্তীবিদ্যার্ণৱ’ পুথিখনৰ গদ্যৰ ভাষা প্রশস্তি অংশ ‘সংস্কৃত গন্ধী’। ইয়াৰ গদ্যৰ ভাষাত তৎসম, তদ্ভৱ, দেশী, বিদেশী আদি শব্দৰ প্রয়ােভৰ ঘটিছে। এই পুথিখনৰ ভাষা পােণপটীয়া আৰু সহজ সৰল। বাক্যবােৰ প্ৰায়ে চুটি আৰু আধুনিক বাক্য ৰীতিৰ ঠাঁচ এটা সততে বিদ্যমান। এই গদ্যৰীতিৰ উদাহৰণ হল— অথ হস্তিৰ ঔষধং। জথা ময়দাৰ হুবৰ বৰ পুঠিয়া মাছ ঘিউত ভাজি মিসলাই তিনিদিন
খুৱাব।

……. এই গদ্যৰীতিত সৰল অসমীয়া ভাষাৰ চানেকি পােৱা যায়। যেনে— ‘পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি ঘাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ। ……….” গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃ গুণযুক্ত। প্রাচীন, অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক
সাহিত্যৰ স্বক্ষৰ স্বৰূপ এই পুথি চাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্র প্রসাদ আদি অনেক খ্যাতনামা ব্যক্তিয়ে প্রশংসা কৰিছিল। হস্তিবিদ্যার্ণৱ পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

আনন্দৰাম বৰুৱা question answer class 12Click Here
বৰগীত class 12 প্ৰশ্ন উত্তৰClick HERE

Leave a Comment