কাঠমিস্ত্ৰীৰ ঘৰ class 12 question answer

Facebook
WhatsApp
Telegram

কাঠমিস্ত্ৰীৰ ঘৰ class 12 question answer AHSEC | কাঠমিস্ত্ৰীৰ ঘৰ কবিতা মূলভাব | কাঠমিস্ত্ৰীৰ ঘৰ প্ৰশ্ন উত্তৰ |কাঠমিস্ত্ৰীৰ ঘৰ HS 2nd year assamese question answer | HS 2nd year Assamese কাঠমিস্ত্ৰীৰ ঘৰ

ALSO READ

হস্তিবিদ্যাৰ্ণৱ পুথি class 12 question answer

বৰগীত class 12 question answer

মোৰ মাতৃমুখ দৰ্শন’ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

কাঠমিস্ত্ৰীৰ ঘৰ
Authorধীৰেন্দ্র চন্দ্র দত্ত
Class 12
SubjectAssamese
Chapter No05
CourseAHSEC

কাঠমিস্ত্ৰীৰ ঘৰ কবিতা lyrics

ৰাণ্ডাৰ হেঁচা কচ কচা কচ্
ঝাণ্ডাৰ দৰে উৰে পট্ পট্
আজাৰ, শিমলু, শাল, শিঙৰিক
দিয়ে ৰূপ মনোহৰ
কাঠ মিস্ত্ৰীৰ ঘৰ।

নিৰস কঠিন বেঁকা-বেঁকি কাঠ
বটালি খুন্দাত উঠে জাঁত জাঁত
ৰূপৰ জপনা মেল খাই উঠে
পাই ৰূপ মনোহৰ
কাঠ মিস্ত্ৰীৰ ঘৰ।

টপাটপ পৰে কপালৰ ঘাম
ফেন যায় যায় নাই বিশ্রাম;
দিন নাই জিৰাবৰ,
কাঠ মিস্ত্ৰীৰ ঘৰ।

জমি থাকে থাক, সাজে জাকে জাক
প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে
আচবাববে ভৰে ঘৰ;
কাঠ মিস্ত্ৰীৰ ঘৰ।

টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ
সাজে আলমাৰি টিপয় চাহৰ
শত ভঙ্গিত নৱ ৰূপান্বিত
ৰূপ লয় মনোহৰ
কাঠ মিস্ত্ৰীৰ ঘৰ।

বিশ্বৰ যত কৰ্মীৰ দল
তেজ ঢালি গড়ে প্রাসাদ উজ্জ্বল
মায়াপুৰী মানৱৰ,
কাঠ মিস্ত্ৰীৰ ঘৰ।

হায় হতভাগা থাকে আন্ধাৰত
বিশ্ব শিল্পী মহা বিশ্বৰ
কৰে হাহাকাৰ বিলয় বিকাৰ
প্রতিদান নাই কৰ্মৰ কাঠ মিস্ত্রীৰ ঘৰ।

বিলাসীৰ দল আৰামী চকীত
গা ঢালি গায় প্ৰেমৰ সঙ্গীত
মিলনৰ বিৰহৰ
কাঠ মিস্ত্ৰীৰ ঘৰ।

লাখ মানুহৰ বাহুৰ কর্ম
কাঢ়ি গঢ়ি তোলে প্রাসাদ হৰ্ম্য,
হয় ডাঙৰীয়া উদাৰ মহৎ
বৰনেতা সমাজৰ
কাঠ মিস্ত্ৰীৰ ঘৰ।

উঠা মিস্ত্রী, কঁহাৰ, কমাৰ
আন্ধাৰৰ শেষ আহিল তোমাৰ
লোৱা অধিকাৰ নিজ বাহুবলে
নিজে কৰা কৰ্মৰ,
কাঠ মিস্ত্ৰীৰ ঘৰ।

কাঠমিস্ত্ৰীৰ ঘৰ Class 12 প্ৰশ্ন উত্তৰ

আর্হি প্রশ্নঃ (ক) অতি চমু প্রশ্নঃ

১/ ‘কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?
উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’কবিতাটো ১৯৩৯ চনত ৰচিত।

২। কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম হৈছে-‘অভিমান।
৩/ কবিতাটিত ‘প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে?
উত্তৰ: কবিতাটিত ‘প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কাঠমিস্ত্রীয়ে সজা আচবাবৰ কথা কোৱা হৈছে।

৪/ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰ: কবিতাটিত কবিয়ে কাঠমিস্ত্রীক বিশ্বশিল্পী বুলি অভিহিত কৰিছে ।

৫/ কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ : কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ নিজ বাহুবলেৰে সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

খ) চমু প্রশ্নঃ

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তর: কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হৈছে ৰাণ্ডা আৰু বটালি।

2/’কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰ: কাঠমিস্ত্রীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই এনেদৰে কৈছিল-মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হ’ব ‘কাঠমিস্ত্রীৰ ঘৰ।’

৩/ কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তষ: কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম হৈছে-টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি ইত্যাদি।

৪/ কাঠমিস্ত্রীৰ কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তর: কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্রেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

৫/ কবিয়ে কাঠমিস্ত্রীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কেছে?

উত্তৰ: কবিয়ে কাঠমিস্ত্রীৰ লগতে কঁহাৰ, কমাৰ আদি সকলো শ্ৰমজীৱীকে নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে।

কাঠমিস্ত্ৰীৰ ঘৰ Class 12 Assamese question answer

(গ) দীঘল প্রশ্নঃ

১/ কবি ধীৰেন্দ্ৰ চন্দ্র দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰ :-কবি ধীৰেন্দ্র চন্দ্র দত্তৰ জন্ম হৈছিল ১৯১০ চনত, গোলাঘাটৰ কৰুণাটিং-‘বাগিচাত। দেউতাক আছিল ডাঃ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা। তেখেতে সৰুতেই দেউতাকক হেৰুৱাইছিল। ধীৰেন্দ্ৰ নাথ দত্তই দেৰগাঁও-হাইস্কুলত ষষ্ঠ শ্রেণীলৈকে পঢ়ি আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰতে থাকি পঢ়িবলৈ লয়।

দেশ আৰু জাতিৰ প্রতি সেৱা কৰাৰ মানসেৰে তেখেতে ১৯২৮ চনত সক্রিয় ভাৱে স্বার্থীনতা আন্দোলনত জঁপিয়াই পৰে। তাৰ বাবে তেখেতে দুবছৰ জেলতো থাকিব লগা হয়। দহ বছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেখেত সাম্যবাদৰ প্রতি আকৃষ্ট হয় আৰু জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদর্শ অনুসৰি আপোচহীন ভাৱে কৃষক তথা ‘বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। তেখেতৰ কাব্য সংকলন ‘অভিমান ‘প্রকাশ পায় ১৯৩৬ চনত।

১৯৭২ চনৰ ২২ অক্টোবৰ তাৰিখে যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত ধীৰেন্দ্ৰ চন্দ্র দত্তৰ মৃত্যু হয়।

২/ কবিতাটিত কাঠমিস্ত্রীৰ শ্রম আৰু কষ্টৰ চিত্র কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।

উত্তৰ: ‘কাঠমিস্ত্ৰীৰ ঘৰ ‘কবিতাটোত কবিয়ে কাঠমিস্ত্রীৰ শ্রম আৰু কষ্টৰ এখন বাস্তৱ চিত্র সুন্দৰকৈ দাঙি ধৰিছে। কবিতাটোৰ নিম্নোক্ত স্তবকটিত এজন কাঠমিস্ত্রীৰ শ্ৰম আৰু কৰ হুবহু চিত্র প্রতিফলিত হৈছে-

টপাটপ পৰে কপালৰ ঘাম
ফেন যায় যায় নাই বিশ্রাম;
দিন নাই জিৰাবৰ,
কাঠমিস্ত্রীৰ ঘৰ।

হয়, এজন কাঠমিস্ত্রীয়ে বেঁকা- বেঁকি কাঠৰ ওপৰত ৰাণ্ডা হেঁচি হেঁচি মিহি, মসৃণ কৰি আচবাব বনাবলৈ প্রস্তুত কৰোঁতে তেওঁলোকৰ কপালৰ ঘাম মাটিত পৰে। আনৰ আচবাব বনাবলৈ কষ্ট কৰোঁতে কৰোঁতে তেওঁলোকৰ জিৰাবলৈ সময় নহয়; নাই আৰাম, নাই বিশ্রাম, উৎকট গৰমতো জিৰণি নোলোৱাকৈ প্রতিদিন কাম কৰি যায়। আনৰ উজ্জ্বল-প্রাসাদ, মনোমোহা আচবাব তৈয়াৰ কৰি দিয়াৰ প্রতিদান তেওঁলোকে নাপায়। নিজে থাকিব লগীয়া হয় উকা, অন্ধকাৰ জুপুৰিত ।

Class 12 Assamese Chapter 5 question answer

৩/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

‘বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গড়ে আসাদ উজ্জ্বল’

উত্তৰ: উদ্ধৃত কবিতাশাৰী আমাৰ পাঠ্যপুৰি অন্তৰ্গত, কবি ধীৰেন্দ্র চন্দ্র দত্তই লিখা ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ পৰা অনা হৈছে।

দুখীয়া শ্রমজীৱী কর্মী সকলে ধনী লোকসকলৰ মনোমোহা প্ৰসাদ সাজোঁতে যি হাড় ভঙা পৰিশ্ৰম কৰিব লগীয়া হয়, তাৰ প্ৰসংগতে কবিতাশাৰীৰ অৱতাৰণা কৰা হৈছে।

সাধাৰণতে শ্রমজীৱী কর্মী সকল দুখীয়া, দৰিদ্র । কঠোৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে যি হাজিৰা পায়, তাৰেই টনাটনিকৈ নিজৰ পৰিয়াল পোহপাল দিয়ে। আনহাতে যাৰ বাবে তেওঁলোকে শ্রম কৰে, মনোমোহা অট্টালিকা বা প্রাসাদ, আচবাব আদি তৈয়াৰ কৰে, তেওঁলোক হৈছে সমাজৰ ধনী শ্রেণীৰ লোক। কর্মীসকলে কোনো বিশ্রাম নোলোৱাকৈ, উৎকট গৰমতো কপালৰ ঘাম মাটিত পেলাই নিজৰ শিল্পী’ সত্তাৰে ধনী শ্রেণীৰ চাহিদা পূৰণ কৰে। অথচ এই শিল্পী কর্মী সকলে নিজৰ উচিত মূল্য, উচিত প্রাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।

৫/ কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ: কাঠমিস্ত্রীকে ধৰি সকলো শ্রমজীৱী লোকে দেহৰ তেজপানী কৰি ধনী মানুহৰ সুখৰ বাবে, তেওঁলোকৰ চাহিদা পূৰণৰ বাবে কাম কৰে। ইয়াৰ পিছতো তেওঁলোকৰ দুখৰ সীমা নাথাকে, অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্রকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোত সেয়ে কবিয়ে শ্ৰমজীৱী সকলৰ জীৱনৰ দুৰ্দশাৰ অৱসান বিচাৰিছে। শ্রমিকসকলে শ্ৰমৰ উচিত মূল্য পোৱাটো তেওঁ আশা কৰিছে। সেয়ে তেওঁ শ্রমিকসকলক নিজ বাহুবলেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছে। অর্থাৎ সকলো শ্রমজীৱী ঐক্যবদ্ধ হৈ ধনী শ্রেণীৰ শোষণৰ বিৰুদ্ধে থিয় দিবলৈ কবিয়ে পৰামর্শ দিছে।

৪/ কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰ: শিল্প হৈছে এবিধ কলা, আৰু যি লোকে শিল্পকর্ম কৰে তেওঁৱেই শিল্পী। কাঠমিস্ত্রী সকলো সমাজৰ একো একোগৰাকী শিল্পী। তেওঁলোকে হাতেৰে, সাধাৰণ সঁজুলি ব্যৱহাৰ কৰিয়েই গঢ়ি তুলিব-পাৰে শত ভঙ্গীৰ মনোমোহা আচবাব। নিৰস কাঠবোৰে তেওঁলোকৰ হাতত প্ৰাণ পাই উঠে। তেওঁলোকৰ শিল্পনৈপুন্যতাৰে তৈয়াৰ কৰা টেবুল, চেয়াৰ, আলনা, ড্রয়াৰ, আলমাৰি আদি আচবাব বোৰে মানুহৰ ঘৰ শুৱনি কৰে। তেওঁলোকৰ সৃষ্টি সুন্দৰৰ সৃষ্টি, যি সানুহক দিয়ে আনন্দৰ পৰিতৃপ্তি। নিপুণ শিল্প কৌশলৰ দ্বাৰা নিৰস, কঠিন কাঠবোৰক বিভিন্ন ৰূপত জীৱন্ত কৰি তুলিব পৰা কাঠমিন্ত্রী সকল সঁচা অৰ্থত একোগৰাকী পাকৈত শিল্পী।

AHSEC Assamese Chapter 5 question answer

H.S. পৰীক্ষাত অহা প্রশ্ন-উত্তৰ

১/ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোৰ কবিজনা কোন ?(HS:12)

উত্তৰ: ‘কাঠমিন্ত্ৰীৰ ঘৰ’ কথিতাটোৰ কবিজনা হৈছে – ধীৰেন্দ্র চন্দ্র দত্ত।

2/ কাঠমিস্ত্রীৰ ক’ত থাকিবলগীয়া হয়? (HS:15)

কাঠমিস্ত্রীৰ আন্ধাৰ পঁজাত থাকিব লগীয়া হয়।

৩/ ‘কাঠমিস্ত্রীৰ ঘৰ’ শীর্ষক কবিতাটি ধীৰেন্দ্র চন্দ্র দত্তৰ কি কবিতাপুথিৰ পৰা লোৱা হৈছে?

‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীর্ষক কবিতাটি ধীৰেন্দ্র চন্দ্র দত্তৰ ‘অভিযান আৰু অন্যান্য কবিতা’ নামৰ পুনথিখনৰ পৰা লোৱা হৈছে।

৪/ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী গৰাকী কোন?

* ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটোত উল্লেখ থকা বিশ্বশিল্পী গৰাকী হৈছে– কাঠমিস্ত্রী।

৫/ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটো প্রথম ক’ত প্রকাশ হৈছিল? (HS/20)

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটো প্রথম প্রকাশ হৈছিল ১৯৩৯ চনত দধি মহন্তই সম্পাদনা কৰা অসম ছাত্র সম্মিলনৰ মুখপত্র ‘মিলন’ত।

৬/ ‘ঝাণ্ডা’ শব্দৰ অর্থ লিখা। (HS’23)

উত্তৰঃ ঝাণ্ডা শব্দৰ অৰ্থ পতাকা।

৭/ কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? (HS. 13,15,22)

উত্তর: কাঠমিস্ত্রীয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক মনোহৰ ৰূপ দিয়ে

৮/ কাঠ খুলিবলৈ আৰু মিহিকৈ চুঁচিবলৈ কাঠমিস্ত্রীয়ে কি কি বিশেষ সঁজুলি ব্যৱহাৰ কৰে? (H-S-20)

উত্তৰ: কাঠমিস্ত্রীয়ে কাঠ খুলিবলৈ বটালি আৰু কাঠ মিহিকৈ চুঁচিবলৈ ৰাণ্ডা ব্যৱহাৰ কৰে।

৯’। কাঠমিস্ত্রীৰ ঘৰ’ কবিতাত বিলাসীৰ দৰে কেনেকৈ দিন কটায় বুলি কোৱা

হৈছে? (H-S.’23)

উত্তৰ: ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাত প্রকাশ কৰা মতে বিলাসীৰ দৰে আৰামী চকীত গা ঢালি দি প্রেমৰ সংগীত গাই জীৱন উপভোগ কৰে। উজ্জ্বল প্রাসাদৰ মায়াপুৰীত তেওঁলোকে অভাৱবিহীন, সুখৰ দিন কটায়।

কাঠমিস্ত্ৰীৰ ঘৰ class 12 কবিতাৰ মূলভাব

১০/ প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:

উঠা মিস্ত্রী কহাৰ, কমাৰ
আন্ধাৰৰ শেষ আহিল তোমাৰ
লোৱা অধিকাৰ নিজ বাহুবলে
নিজে কৰা কৰ্মৰ,
কাঠমিস্ত্রীৰ ঘৰ।

উত্তৰ: উদ্ধৃত কবিতাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি ধীৰেন্দ্ৰ চন্দ্র দত্তই লিখা ‘কাঠমিস্ত্রীৰ ঘৰ’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।

কাঠমিস্ত্রীকে ধৰি অন্যান্য শ্রমজীৱী সকলে বঞ্চিত হৈ অহা নিজ প্রাপ্য বা উপযুক্ত মূল্য দাবী কৰি ল’বলৈ আহ্বান’ জনাই কবিয়ে কবিতা শাৰীৰ অৱতাৰণা কৰিছে।

কাঠমিস্ত্রীকে ধৰি কহাৰ, কমাৰ আদি লোকসকল অতি সাধাৰণ দৰিদ্র শ্রেণীৰ লোক। দেহে খাটি খোৱা এই শ্রমিক সকল ধনী শ্রেণীৰ শোষণৰ বলি হৈছে আৰু কৰ্মৰ বিনিময়ত উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। ফলত তেওঁলোক দৰিদ্ৰতাৰ পৰা উধাব পৰা নাই।
অভাৱ-অনাটনে তেওঁলোকৰ জীৱন পঙ্গূ কৰি পেলাইছে। সেয়ে কবিয়ে শ্রমিক সকলৰ শ্ৰমৰ মৰ্যাদা আৰু উচিত প্রাপ্য পোৱাৰ যি অধিকাৰ নিজ বাহুবলৰ দ্বাৰা আঁজুৰি লবলৈ আহ্বান জনাইছে।

Leave a Comment