মগনিয়াৰ question answer class 12 post, a PDF containing all the short and long questions of the chapter “মগনিয়াৰ” has been prepared. You can download it.
This PDF will help Class 12 Assamese students prepare for their exams effectively. The answers are written in simple language for better understanding.
( আপোনালোকে এই পোষ্টটোৰ জৰিয়তে ” মগনিয়াৰ ” পাঠটিৰ সকলো চুটি আৰু দীঘল প্ৰশ্নৰ উত্তৰ সমূহ তৈয়াৰ কৰা হৈছে আপোনালোকে ডাউনলোড কৰিব কৰিব পাৰিব )

Chapter Name | মগনিয়াৰ |
Author | যতীন্দ্ৰ নাথ দুৱৰা |
Class | 12 (AHSEC) |
Subject | Assamese |
Chapter no | 02 |
Course | AHSEC |
Class 12ৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ পাবলৈ ইয়াত 💁♂️ ক্লিক কৰক
Class 12 Assamese Question Answer Chapter 2 ( মগনিয়াৰ )
কঠিন শব্দ অর্থ:
মগনিয়াৰ- মাগি খাওঁতা, ভিক্ষাৰী।
উখহা – ওফন্দি উঠা, (গাৰ মঙহ আদি) ফুলি উঠা।
উর্মাল- কমাল।
আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্ন। (প্রতিটো প্ৰশ্নৰ মূল্যাংক ১)
১। অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰ:অসমীয়া সাহিত্যত প্রথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী যতীন্দ্র নাথ দুৱৰা । ২। কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ : ১৮৯২ চনত ।
৩। যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উত্তৰ :যতীন্দ্র নাথ দুৱৰাক বনফুল’ৰ কবি বুলি কোৱা হয় ।
81 ‘ওমৰ তীর্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰ :ওমৰতীর্থ ‘পুথিখনি ফার্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ পুথিৰ ভাবানুবাদ।
৫। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰ : বনফুল কাব্য পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ।
(খ) চমু প্রশ্ন। (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। কথা-কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: কথা-কবিতা হৈছে ব্যঞ্জনাময়ী গদ্যত ৰচিত এবিধ কবিতা।
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হৈছে-
ক) এই কবিতাৰ প্রাসঙ্গিক উদ্দেশ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। সেয়ে এই কবিতা ৰূপকাত্মক।
খ) কথা-কবিতাত এটা কেন্দ্রীয় ভাব থাকে আৰু সেই কেন্দ্রীয় ভাবটোকে কিছুমান চিত্রৰ সহায়ত সজীৱ কৰি তোলা হয়।
২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পার্থক্য আছে?
উত্তৰ: কবিতা আৰু কথা- কবিতা দুয়োবিধেই সাহিত্য জগতৰ উৎকৃষ্ট অংশ, দুয়ো-বিধ সাহিত্যৰ সুকীয়া বৈশিষ্ট্য আছে।
কবিতা হৈছে কবিৰ ভাব-অনুভূতি প্রকাশৰ এক ছন্দোবদ্ধ ৰচনা। কথা-কবিতাত ছন্দৰ সমাবেশ নাই। ই এক প্রকাৰ গদ্যহে
কবিতা ৰূপকাত্মক নহয় অথবা কবিতাত দৃশ্যবস্তুৰ সঞ্জীবতা নাথাকে। কিন্তু কথা-কবিতা ৰূপকাত্মক। ইয়াত এটা কেন্দ্রীয় ভাবকে চিত্ৰৰ সহায়ত সজীব কৰি তোলা হয়।
৩/ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উত্তৰ: ওমৰ খায়াম এজন ফাৰ্চী ছুফী কবি । তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হ’ল ৰুবায়ত ।
৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰ: কবিৰ অন্তৰৰ সহানুভবতা আৰু আন্তৰিকতাক মগনিয়াৰ জনে কবিৰ পৰা দান পোৱা বুলি কৈছে, যিটো তেওঁৰ বাবে আছিল অতি দুর্লভ।
দৰিদ্রতাই কোঙা কৰা মগনিয়াৰ জনৰ অপৰিষ্কাৰ হাতখনে যেতিয়া কবিৰ পৰা ভিক্ষা বিচাৰিলে, কবিৰ অন্তৰ তেওঁৰ প্রতি সহানুভূতি আৰু দয়াৰে ভৰি পৰিল। ভিক্ষা দিবলৈ কবিয়ে জেপত একো নাপাই মগনিয়াৰ জনৰ হাত দুখনকে সাবটি ধৰি ক্ষমা বিচাৰিলে। তেনেকুৱা মনৰ, আন্তৰিকতা মানুহজনে হয়তু কেতিয়াও কল্পনা কৰা নাছিল। গতিকে তেওঁৰবাবে কবিৰ আন্তৰিকতাই এটা মহৎ দান।
৫। ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।’-কোনে কি প্রসংগত এই উক্তি কৰিছিল?
উত্তৰ: উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তর্গত যতীন্দ্ৰ নাথ দুৱৰাৰ মগনিয়াৰ’ কথা-কবিতাটোৰ পৰা তুলি অনা হৈছে।
উক্তিটো কৰিছিল’ কবিয়ে মগনিয়াৰ জনক।
সর্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট মগনিয়াৰ জনৰ তুলনাত কবিৰ চেহেৰাত আছিল আভিজাত্যৰ চিন। কবিৰ পৰা কিবা এটা পোৱাৰ আশাত মগনিয়াৰজনে উখহা অপৰিষ্কাৰ হাতখন মেলি ৰৈ আছিল। কবিয়ে তেওঁক দিবলৈ জেপত একো বিচাৰি নাপাই মর্মাহত হৈ পৰিল। মগনিয়াৰ জনে বিমুখ হৈ কবিক খং কৰিব বা অভিশাপ দিব বুলি ভাবি কবিয়ে অতি বিনম্রভাবে তেওঁক হাতখন সাবটি ধৰি ককাই সম্বোধনেৰে খং নকৰিবলৈ অনুৰোধ জনাইছিল।
মগনিয়াৰ question answer class 12 pdf
(গ) দীঘল প্রশ্ন। (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১।’মগনিয়াৰ’ শীর্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা।
উত্তৰ: কবি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা কবিতাটোত পৰিস্ফুট হৈছে মানৱীয়তাৰ এক উৎকৃষ্ট নিদর্শন। বুঢ়া, বেমাৰী, হাড়-ছাল ওলোৱা মগনিয়াৰ জনে ভিক্ষা বিচাৰি কবিলৈ হাত আগবঢ়োৱা সময়ত কবিৰ হাততো একো নাছিল। মগনিয়াৰজনৰ শোক বিৰল অৱস্থাৰ প্রতি কবিৰ অন্তৰত সহানুভূতিৰ উদয় হৈছিল। একো দিব নোৱাৰি তেওঁ মগনিয়াৰ জনৰ উপহা অপৰিষ্কাৰ হাতখনকে সাবটি ধৰি ক্ষমা বিচাৰিলে। কবিৰ অন্তৰৰ সেই সহানুভবতাকে মগনিয়াৰজনে এটা অমূল্য দান বুলি তৃপ্তিৰে হাঁহিলে, কিয়নো দুখীয়া-দৰিদ্ৰৰ প্রতি ধনী মানুহৰ তেনে আন্তৰিকতা আৰু সহানুভূতি অতি বিৰল।
এয়ে হৈছে ‘সগনিয়াৰ কথা- কবিতাটোৰ সাৰাংশ।
২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰ: ‘মগনিয়াৰ পাঠটোত কথা-কবিতাৰ লক্ষণবোৰ সুন্দৰকৈ পৰিস্ফুট হৈছে।
প্রথমতে, মগনিয়াৰ পাঠটি খুব সুন্দৰকৈ ব্যঞ্জনাময়ী পদ্যত লিখা হৈছে, যিটো কথা-কবিতাৰ অন্যতম বৈশিষ্ট্য।
দ্বিতীয়তে পাঠটিত ৰূপকৰ সমাবেশ ঘটিছে। কবি আৰু মগনিয়াৰ জনৰ কথোপকথনে ইয়াক ৰূপকাত্মক কৰি তুলিছে।
তৃতীয়তে, পাঠটিত এটা সুন্দৰ চিত্ৰ পৰিস্ফুট হৈছে। পাঠকৰ সানস পটত এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ ছবি ভাঁহি আহে।
চতুৰ্থতে, কথা-কবিতাত এটা কেন্দ্রীয় ভাব থাকে। মগনিয়াৰ পাঠটিটো এটাই মাত্র কেন্দ্রস্থ ভাব আছে।
৩/ কবি যতীন্দ্র নাথ দুৱৰাৰ সাহিত্য-কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ অসমীয়া সাহিত্যলৈ কবি যতীন্দ্ৰ নাথ দুৱৰাৰ অৱদান অতুলনীয়। ছাত্রাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাদেবে কেইবাখনো কবিতা পুথি ৰচনা কৰে। ‘ওমৰ তীৰ্থ, ‘আপোন সুৰ’, ‘বনফুল, “মিলনৰ সুৰ, আৰু ‘মৰমৰ সুৰ’ তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। তেখেতে লিখা একমাত্র কথা-কবিতাৰ পুথিখনৰ নাম হৈছে-‘কথা-কবিতা’। ‘ওমৰ তীৰ্থ’ তেখেতৰ বিখ্যাত ফার্চী কবি ওমৰ খায়ামৰ ৰুবায়ত পুথিৰ অসমীয়া অনুবাদ।
‘বনফুল’কবিতাপুথীৰ বাবে দুৱৰাদেবে সাহিত্য অকাদেমি বঁটা লাভকৰিছিল। এই বঁটা লাভ কৰা তেৱেই প্রথম অসমীয়া সাহিত্যিক।
৪/’মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাবটি তোমাৰ ভাষাত লিখা।
উত্তৰ: ‘মগনিয়াৰ পাঠটি কবি সতীন্দ্রনাথ দুৱৰাৰ ‘কথা- কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে।
কবি যতীন্দ্রনাথ দুৱৰাৰ’ মগনিয়াৰ’ শীর্ষক কথা-কবিতাটো এটা অতি সুন্দৰ আদর্শনীয় কথা-কবিতা। মন পৰিস্ফুট হৈছে মানবতাৰ এক উৎকৃষ্ট নিদর্শন। কবি বাটেদি গৈ থাকোঁতে লগ পালে এজন বুঢ়া বেমাৰী, হাড়-ছাল ওলোৱা মগনিয়াৰ। শেঁতা ওঁঠ, ৰঙা চকু আৰু গাত ফটা কাপোৰ। দৰিদ্ৰতাৰ তেনে শোক লগা দৃশ্যই কবিৰ অন্তৰো সেমেকাই তুলিলে, মগনিয়াৰ জনে তেওঁৰ উখহা অপৰিষ্কাৰ হাতখন মেলি কবিক সহায় খুজিলে। কবিয়ে চোলাৰ জেপত হাত সুমোৱাই একো নাপালে। অর্থাৎ সেই সময়ত মগনিয়াৰ জনক দিব পৰাকৈ কবিৰ ওচৰত একো নাছিল। নিৰুপায় হৈ তেওঁ মগনিয়াৰ জনৰ লেতেৰা হাতখনকে সাবতি ধৰি খং নকৰিবলৈ মিনতি জনালে। কবিৰ তেনে আকুলতাৰ ব্যৱহাৰত মগনিয়াৰজন অবাক হল। হয়তু তেনে মৰম, আন্তৰিকতা বা মহানুভবতা মগনিয়াৰজনে কেতিয়াও পোৱা নাছিল বা পাব বুলি ভবা নাছিল। সেয়ে কবিৰ সেই আন্তৰিকতাৰ সহানুভূতিতে তেওঁ এটা অমূল্য দান পোৱা বুলি তৃপ্তিৰ হাঁহি বিৰিঙালে। সেই সন্তুষ্টিৰ হাঁহিতে কবিয়েও যেন এটি দান বিচাৰি পালে।
এয়ে হৈছে ‘মগনিয়াৰ’ কথা কবিতাটোৰ মূলভাব।
৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা।
উত্তৰ: মগনিয়াৰ পাঠটিত প্রথম অৱস্থাত কবি আৰু মগনিয়াৰ জনৰ মাজত কথাৰ বিনিময় হোৱা নাছিল। মগনিয়াৰ জনে কবিৰ পৰা কিবা এটা পোৱাৰ আশাত হাতখন আগবঢ়াইছিল। কবিয়েও লৰালৰিকৈ জেপত কিবা আছে নেকি চালে। একো নাপাই কবিয়ে মগনিয়াৰজনৰ হাতখনকে সাবটি ধৰি বিনম্রভাবে কলে- ‘ককাই, মোৰ ওপৰত খং নকৰিবা, (মোৰ হাতত একোৱেই নাই।” কবিৰ পৰা তেনে মৰম মিশ্রিত ব্যৱহাৰ পাই মগনিয়াৰ জনে এটা অমূল্য উপহাৰ পোৱাৰ দৰে সন্তুষ্টিৰ হাঁহিমাৰি উত্তৰ দিলে- ‘কি হল, একো কথা নাই-ইয়াৰ কাৰণে অশেষ ধন্যবাদ-ইও যে এটা দান।”
মগনিয়াৰ প্ৰশ্ন উত্তৰ
১/ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক গৰাকী কোন? (H.S-’12,’19,’22)
উত্তৰ: সাহিত্য অকাডেমি বঁটা লাভ কৰা প্রথম অসগীয়া সাহিত্যিক পৰাকী কবি সতীন্দ্রনাথ দুৱৰা।
২/ অসমীয়া ভাষাৰ প্রথম গৰাকী কথা-কবিতাৰ ৰচক কোন? (H.S’13,16)
উত্তৰ: অসমীয়া ভাষাৰ প্রথম গৰাকী কথা-কবিতাৰ ৰচক কবি যতীন্দ্রনাথ দুৱৰা।
৩। যতীন্দ্ৰ নাথ দুৱৰাই লিখা কথা-কবিতাৰ পুথিখনৰ নাম কি? (H.S.14:17) উত্তৰ: যতীন্দ্ৰ নাথ দুৱৰাই লিখা কথা-কবিতাৰ পুথিখনৰ নাম’ কথা কবিতা।
৪/ ‘ওমৰ তীৰ্থ’ কাব্যপুথিৰ মূল কি? (H.S.15,18) উত্তৰ: ‘ওমৰ তীৰ্থ’ কাব্যপুথিৰ মূল হৈছে ফার্চী ছুফী কবি ওমৰ’ খায়ামৰ ৰুবায়ত পুথি ।
৫/ কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য পুথি? (H.S-20)
উত্তৰ: ‘কথা-কবিতা ‘ঊনৈশ শতিকাৰ সৃষ্টি। ৬।’উর্মাল‘ শব্দটিৰ অর্থ লিখা। (H-S-23) উত্তর: উর্মাল শব্দটিৰ অৰ্থ ৰুমাল।
৭/ যতীন্দ্ৰনাথ দুৱৰাৰ অকাডেমি বঁটাপ্রাপ্ত গ্রন্থখনৰ নাম লিখা, (hs :23)
উত্তর: যতীন্দ্ৰনাথ দুৱৰাৰ অকাডেমি বঁটাপ্রাপ্ত গ্রন্থখনৰ নাম ‘বনফুল’।
৮/ মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া। (H.S-12,16)
উত্তর: দৰিদ্রতাই কোঙা কৰা মগনিয়াবজনৰ শাৰীৰিক অৱস্থা আছিল অতি শোচনীয়। তেওঁ আছিল এজন বুঢ়া বেমাৰী, হাড়-ছাল ওলোৱা। ওঁঠ দুটা শেতা পৰা আৰু চকুদুটা ৰঙা, হাত দুখন আছিল উখহা আৰু অপৰিষ্কাৰ। গাত আছিল ফটা কাপোৰ।
৯। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্য পুথিৰবাবে কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? (HS 13,15)
উত্তর: যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্য পুথিৰ বাবে ১৯৫৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
১০/ যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা, (H-S14,17)
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন কবিতা পুথিৰ নাম- বনফুল আৰু আপোন সুৰ।
১১/ যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা-কবিতাটো কোনগৰাকী ৰুচ -সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে? (H.S 15,19)
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাৰ ‘মগনিয়াৰ’ কথা-কবিতাটো ৰুচ সাহিত্যিক আইভান টুর্গেনিভৰ “The Beggar” নামৰ কথা-কবিতাটোৰ লগত সাদৃশ্য আছে।
Our other post click here 1
Our other post click here 2
Our other post click here 3